Skip to main content

মঙ্গোলীয় লোকবিশ্বাস: পূৰ্বপুৰুষলৈ পুণ্যাৰ্থে স্মৃতি-শ্ৰদ্ধা-তৰ্পণ

বিশ্বত মংগোলীয়, আৰ্য বা ককেচীয়, নিগ্ৰো আদি কেইবা প্ৰকাৰৰ মানৱ জাতি (Human races) (আছে৷ তেওঁলোকৰ প্ৰত্যেকৰে জাতিগত স্বভাৱ-চৰিত্ৰ, ভাৱ-ভাষা, ধ্যান-ধাৰণা, লোকবিশ্বাস, লোকাচাৰ, খাদ্যাভ্যাস, বাসস্থান, সাজপাৰ, চলন-ফুৰণ আদি বৈশিষ্ট্যসমূহ ভৌগোলিক পৰিৱেশ, সামাজিক পৰিস্থিতি সাপেক্ষে গঢ় লৈ- উঠিছে৷ এইবোৰ কলা-সাহিত্য, সংস্কৃতি-সভ্যতা, প্ৰশাসন-সমাজ ব্যৱস্থাত প্ৰতিফলন হৈছে৷ মানৱ জাতি কেইটাৰ শাখা-প্ৰশাখাই বৰ্তমান কালত কেউখন মহাদেশৰ দেশ-প্ৰদেশত বিয়পি পৰিছে৷ এওঁলোকৰ মাজত আদান-প্ৰদান হৈছে৷ নতুনকৈ জাতি-উপজাতিৰো

আইতাৰ আখলত: হুৰুম আৰু কোমল চাউল

অসমীয়া সমাজত "জলপান"ৰ ব্যৱহাৰ এক পৰম্পৰাগত অভ্যাস। জলপানেৰে সু সজ্জিত বাতিটোৰে অভ্যাগতক অপ্যায়ন নকৰিলে অসমীয়াৰ সন্মান যেন ৰক্ষা নহয়।পুৱা আৰু সন্ধিয়া বেলিকা অকণমান জলপান খোৱাটো প্ৰতিজন অসমীয়াৰ এটা অভ্যাস ৰ দৰে আছিল। চিৰা, মুড়ি , আখৈ, হুৰুম, ভজা চাউল, কোমল চাউল, সান্দহ, পিঠাগুৰি ইত্যাদি অসমীয়াৰ পৰম্পৰাগত উৎকৃষ্ট জলপান।
এইবোৰ যেন এতিয়া সাধু কথা। অসমীয়া বোৱাৰী-জীয়ৰীয়ে সময়ৰ অভাৱত বা আন আন অজুহাতত এইবোৰ কৰিবলৈ প্ৰায় এৰি দিয়াৰ দৰে। 
আজি এই নিবন্ধত অসমীয়াৰ দুবিধ জনপ্ৰিয় জলপানৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে কিছু কথা অবগত কৰিব খুজিছো -

মিচিং জনগোষ্ঠীয়সকলৰ মৃতকৰ সৎকাৰ

এই পৃথিৱীত মানুহে জন্ম লয় মৃত্যু হ'বৰ বাবেই, কাৰণ সৃষ্টি স্থিতিধ্বংশ অনিবাৰ্য৷ জীৱ-জগতত মানুহেই হৈছে পৰম শ্ৰেষ্ঠ জীৱ৷ সেয়েহে জন্মত যিমান আদৰ আছে মৃত্যুতো ইমানেই মান-সন্মান আৰু আদৰ আছে৷

আঞ্চলিকতাবাদ আৰু ইয়াৰ ধাৰাবাহিকতা

সম্প্ৰতি ৰাজনৈতিক ঢৌ তুংগত। ৰাজ্যত এতিয়া প্ৰাক্ নিৰ্বাচনী বতাহ। নতুনকৈ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে। বিশেষকৈ আছু আৰু অসম জাতীয় পৰিষদৰ ঔৰসত 'অসম জাতীয় পৰিষদ', কৃষক মুক্তিৰ লগতে বীৰ লাচিত সেনাকে ধৰি ৭০টাকৈ জাতীয় সংগঠনৰ ঔৰষত সৃষ্ট 'ৰাইজৰ দল'ৰ তৎপৰতা দেখা গৈছে। মন কৰিলে দেখা যায় ,  চলিত এই চৰকাৰৰ সময়ত ধৰ্মীয় বিভেদেৰে গোটেই ৰাজ্যখনৰ পৰিস্থিতি উত্তাল কৰি তুলিছে। ধৰ্ম‌ৰ গোড়ামিৰে পৰিচালনা কৰা ৰাজনীতিত একোটা জাতি, একোখন ঠাই নিৰাপদ নহয়। অসমীয়া জাতিয়ে দেশ স্বাধীনতাৰ পাছতো যুঁজ কৰি নিজক ৰক্ষা কৰাৰ কথা সৰ্বজন বিদিত যদিও আধুনিক যুগৰ শিক্ষিত সমাজৰ মাজত যিধৰণে বহুল চৰ্চা হ'ব লাগিছিল, সে

জীৱন

সপ্তমৰ সুৰবলয়ত আমাৰ
এনেয়ে সাতখন-আঠখন ফোঁপোলা গীটাৰৰ গা
ৰৈ দিলেই নিজম পৰে
কোঠা,
জীৱন
পৰি ৰয় নিসাৰে নিমাতে ।

 

- জয় প্ৰকাশ পেগু