সম্প্ৰতি ৰাজনৈতিক ঢৌ তুংগত। ৰাজ্যত এতিয়া প্ৰাক্ নিৰ্বাচনী বতাহ। নতুনকৈ কেইবাটাও আঞ্চলিক ৰাজনৈতিক দল গঠন হৈছে। বিশেষকৈ আছু আৰু অসম জাতীয় পৰিষদৰ ঔৰসত 'অসম জাতীয় পৰিষদ', কৃষক মুক্তিৰ লগতে বীৰ লাচিত সেনাকে ধৰি ৭০টাকৈ জাতীয় সংগঠনৰ ঔৰষত সৃষ্ট 'ৰাইজৰ দল'ৰ তৎপৰতা দেখা গৈছে। মন কৰিলে দেখা যায় , চলিত এই চৰকাৰৰ সময়ত ধৰ্মীয় বিভেদেৰে গোটেই ৰাজ্যখনৰ পৰিস্থিতি উত্তাল কৰি তুলিছে। ধৰ্মৰ গোড়ামিৰে পৰিচালনা কৰা ৰাজনীতিত একোটা জাতি, একোখন ঠাই নিৰাপদ নহয়। অসমীয়া জাতিয়ে দেশ স্বাধীনতাৰ পাছতো যুঁজ কৰি নিজক ৰক্ষা কৰাৰ কথা সৰ্বজন বিদিত যদিও আধুনিক যুগৰ শিক্ষিত সমাজৰ মাজত যিধৰণে বহুল চৰ্চা হ'ব লাগিছিল, সেইধৰণে দেখা পোৱা নাযায়। মোগলৰ দৰে বিদেশী শত্ৰুৰ বিৰুদ্ধে অসমীয়াই এবাৰ দুবাৰ নহয়, ১৭বাৰকৈ যুঁজ দিব লগা হৈছিল। নৰিয়া দেহাৰেও লাচিতে কৰা অহোপুৰুষাৰ্থ আজিও চৰ্চিত। বাৰেৰহণীয়া ভিন্ন ভাষিক গোষ্ঠী, জাতি -জনজাতিৰে পূৰ্ণ এই অসমত অসমীয়াৰ স্বাভিমানী সত্ত্বাক কোনেও উলাই কৰিব নোৱাৰে। কিন্তু আজিকালি ৰাজনৈতিক বাতাবৰণে অসমীয়াক ভাগ ভাগ কৰি জাতিটোৰ ভৱিষ্যতক কালৰ গহ্বৰলৈ ঠেলি দিয়া যেন বুলি আমাৰ দৰে হয়তো বহুতেই অনুভৱ কৰিছে।
জাতি একোটা জী থাকিবলৈ বহু উপৰণ লাগে আৰু মূলতঃ ঐক্যতাৰ ওপৰত ই বেছি নিৰ্ভৰশীল। ভাষা, কৃষ্টি-সংস্কৃতি সকলো প্ৰয়োজনীয় উপকৰণ থাকিলেও যদিহে ঐক্যতাবোধ নাথাকে, ইয়েই বিপদজনক। সেই ঐক্যক ভালদৰে বুজিবলৈ ৰাষ্ট্ৰীয় শক্তিবোৰে পাৰে। কিন্তু অঞ্চলটোৰ নিজা শক্তিবোৰে এই ঐক্যক জীয়াই ৰখাত মূল ভূমিকা পালন কৰিব পাৰে। অৱশ্যে আমাৰেই দুৰ্ভাগ্য যে ৮৩ৰ জুয়ে পোৰা আন্দোলনৰ পাছত গঠন হৈছিল অসম গণ পৰিষদ। সেইসময়ত অসমীয়াই প্ৰাণেপণে আঞ্চলিকতাবাদক আদৰি লৈছিল। প্ৰফুল্ল কুমাৰ মহন্ত, ভৃগু ফুকনৰ দৰে যুৱ নেতাসকলক অসমীয়া নাৰীৰ চাদৰ পাৰি আদৰিছিল। সভাত জাউৰীয়ে জাউৰীয়ে হাতচাপৰি পৰিছিল। দিছপুৰৰ মছনদত অসমীয়াত্বই মূৰ দাঙি থিয় হৈছিল। পিছে এই আঞ্চলিকতাবাদৰ অস্তিত্ব দলটোৱে অক্ষুণ্ণ ৰাখিব নোৱাৰিলে। বৰঞ্চ দলটোৱে চৰকাৰ গঠনৰ পাছত অসমীয়া জাতিৰ হকে কৰিবলগীয়া কামসমূহ কৰাত ব্যৰ্থ হ'ল। বহু প্ৰতাৰণাৰ সাক্ষী হৈ ৰ'ল অসমীয়া নাৰীৰ চাদৰবোৰ। সেই নেতাৰ ডিঙিৰ গামোছাবোৰত ময়লা লাগি পঁচি গ'ল। প্ৰথমবাৰতেই আমাৰ জাতিটোৱে আঞ্চলিকতাবোধক অবিশ্বাস কৰিবলৈ ল'লে। কেৱল অবিশ্বাসেই নহয় ঘৃণা কৰিবলৈ ধৰিলে।
সেয়া জাতিটোৰ ইতিহাসৰ এক ক'লা অধ্যায়, যি অধ্যায়ক পৰিস্কাৰ কৰিবলৈ নতুন পুৰুষৰ সৃষ্টি হ'ব লাগিব। হয়তো পৰিস্কাৰ কৰিবলৈ নতুন অধ্যায় সংযোজন কৰিব লাগিব, যাতে নতুন বগা অধ্যায়ৰ বলত ক'লাবোৰ গুৰুত্বহীন হৈ পৰিব। ই সহজসাধ্য নহয় যদিও অসম্ভৱ নহয়।
এটা জাতিৰ উন্নয়ন তথা জাতি ৰক্ষাৰ যুঁজত অঞ্চলটোৰ দল-সংগঠনৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ। বিভিন্ন জাতি, জনগোষ্ঠী, জনজাতি মিলিয়েই বৃহত্তৰ অসমীয়া জাতি গঠন হৈছে। অসমৰ সকলো ভাষিক গোষ্ঠি বা জাতি-জনজাতিৰ দাবীসমূহ তুলিবলৈ সময়ে সময়ে দল সংগঠন সৃষ্টি হৈ আহিছে। এই দল সংগঠনসমূহে সজাগতা সৃষ্টি কৰি দাবী তুলিব পাৰে, পথ নিদৰ্শক হ'ব পাৰে নতুবা প্ৰভাৱগোষ্ঠীৰ ৰূপত থিয় দিব পাৰে। কিন্তু গণতান্ত্ৰিক দেশ এখনত ৰাজনৈতিক পৰিক্ৰমাটোৰ বাহিৰৰ পৰা দাবীসমূহক কাৰ্যকৰীকৰণ কৰিব পৰা নাযায়। সেয়ে ৰাজনীতিৰ পথাৰত আমাৰ অঞ্চলৰ ওচৰৰ দল একোটা নিতান্তই গুৰুত্বপূৰ্ণ। তাৰেই পৰিপ্ৰেক্ষিতত অগপ বা অন্যান্য আঞ্চলিক ৰাজনৈতিক দলসমূহৰ জন্ম হৈছিল। আজিও সময়ৰ দাবীত নতুন দলসমূহৰ জন্ম হৈছে। নতুন দলক লৈ আমিও আশাবাদী। কেৱল বিশ্বাসযোগ্য তেতিয়াই হ'ব যেতিয়া ৰাইজৰ দ্বাৰা ৰাইজৰ হৈ ৰাইজৰ চৰকাৰে অসমক সদায় প্ৰথমত ৰাখিব। তেতিয়াই জনতাই পুৰণি ক'লা অধ্যায়ক স্মৰণ নকৰি নতুন "ৰাইজৰ দল" বা "অসম জাতীয় পৰিষদক" হৃদয়ৰ কোণত ধৰি ৰাখিব, যেতিয়াই দলকেইটাই ভেদাভেদৰ ৰাজনীতিৰ পৰা আঁতৰি ঐক্যৰ যুঁজেৰে অসমীয়াৰ প্ৰধান সমস্যাসমূহক দাঙি ধৰিব।
ধন, ব্যক্তিগত স্বাৰ্থ, পদবীলোভৰ পৰা যেতিয়াই আঁতৰত থাকিব পৰিব-তেতিয়াই অসমীয়া ৰাইজে আকৌ গ্ৰহণ কৰিব আঞ্চলিক শক্তিক। পুৰণি অগপ এতিয়া ৰাষ্ট্ৰীয় শক্তিৰ গ্ৰাসত। শেহতীয়াকৈ বহু স্থিতিত ৰাষ্ট্ৰৰ প্ৰতি থকা দুৰ্বলতাই যে অসমীয়া জাতিৰ প্ৰকৃতপক্ষত কাম কৰিব নোৱাৰে, সেয়া বিশ্লেষণ কৰিলেই উত্তৰ ওলাই পৰিব। সেয়ে অসমীয়াই অতি সহজে নতুন আঞ্চলিক ৰাজনৈতিক দলসমুহক বিশ্বাসত ল'বলৈ টান পাব সঁচা। কিন্তু সঠিক আৰু সুস্থ বাস্তৱিক আৰু প্ৰতিটো কথাত অসমীয়াত্বৰ প্ৰভাৱ ৰাখি প্ৰত্যয়ৰ ৰাজনীতি কৰিব লাগিব। এনে ৰাজনীতি কৰিবলৈ যাওঁতে নতুন আঞ্চলিক দলসমূহে সূক্ষ্ম বিশ্লেষণেৰে আগবাঢ়িব লাগিব প্ৰতি মূহুৰ্তত। কাৰণ, বিপক্ষত আছে যথেষ্ট ধনবল, বাহুবল আৰু অভিজ্ঞ কূটনৈতিক ৰাজনীতিবিদ। এই নতুন দলসমূহে পৰৱৰ্তী সময়ত কিদৰে আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই দিছপুৰত অসমীয়াত্বৰ খুঁটি পুতি জাতিটোক সুৰক্ষিত কৰিব আৰু তাৰপাছত কিদৰে জনতাৰ মাজত ইয়াৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিব সেয়া সময়ে ক'ব। আমাৰো বিশ্বাস -প্ৰগতিশীল অঞ্চলিক নতুন ৰাজনৈতিক দলসমূহে আকৌ এবাৰ অসমীয়াৰ হকে কাম কৰক।
অনাগত ৰাজনৈতিক সময়ত অসমীয়া জাতিৰ মনত এয়াই হয়তো কামনা।
-নিপম চুতীয়া
১ নং লঠিয়া আদৰ্শ গাঁও
গোগামুখ, ধেমাজি, অসম ।
- Log in to post comments