এই পৃথিৱীত মানুহে জন্ম লয় মৃত্যু হ'বৰ বাবেই, কাৰণ সৃষ্টি স্থিতিধ্বংশ অনিবাৰ্য৷ জীৱ-জগতত মানুহেই হৈছে পৰম শ্ৰেষ্ঠ জীৱ৷ সেয়েহে জন্মত যিমান আদৰ আছে মৃত্যুতো ইমানেই মান-সন্মান আৰু আদৰ আছে৷
জাতি-গোষ্ঠীভেদে নীতি-নিয়ম, পৰম্পৰা, তথা ধৰ্ম অনুসাৰে জন্ম-মৃত্যু-বিবাহ কাৰ্য বেলেগ বেলেগ৷ মিচিঙসকলেও তেওঁলোকৰ ৰীতি-নীতি আৰু পৰম্পৰা অনুসাৰে জন্ম-মৃত্যু-বিবাহ কাৰ্য সমাপন কৰে৷ তেওঁলোক মংগোলীয় গোষ্ঠীৰ৷ পূৰ্বতে হিন্দু ধৰ্মাৱলম্বী লোক আছিল৷ ভৈয়ামলৈ আহি অন্যান্য জাতি-জনগোষ্ঠীৰ লগত সংমিশ্ৰিত হৈ অন্য ধৰ্মৰ লগত মিলি হৈ তেওঁলোকৰ আদিম বিম্ব সূৰ্য-চন্দ্ৰ[দঃঞি-পঃল]ৰ দৰে পূজ্য দেৱতাসকলক বাদ দি অন্য দেৱ-দেৱী পূজা কৰিলত নিজা পৰম্পৰা অনুসাৰে জন্ম-মৃত্যু আদি কৃতকৰ্মসমূহৰ দৰে কাৰ্যবোৰ সমাপন কৰে। এই বিষয়ে এই আলোচনাত প্ৰকাশ কৰা হৈছে৷
মাৱৱজাতক সন্তান জন্ম দিওঁতে যিদৰে স-সন্মানেৰে আদৰ উৎসৱ পাতে, ঠিক তেনেদৰে এজন ব্যক্তিয়ে যি কাৰণেই মৃত্যু নহওক, চিৰ বিদায়ৰ বেলিকাত শোকাকূল অৱস্থাতো তেওঁলোকৰ নিয়ম আৰু পৰম্পৰাৰ যোগেদি কৃৎ-কৰ্মৰে সমাপন কৰে৷
এজন ব্যক্তি যদি মৃত্যু মুখত পৰে, তেতিয়া মৰাশটোক কুসুমীয়া পানীৰে নোৱাই-ধুৱাই তেল প্ৰসাধন সামগ্ৰী গাত ঘঁহি-সানী নতুন বস্ত্ৰ পৰিধান কৰোৱা হয়৷ মৃতকক সদায় জীৱন্ত মানুহৰ বিপৰীতে কাৰ্যৰে কৰ্মবোৰ কৰা দেখা যায়৷ কাপোৰ-কানি পিন্ধাওঁতে পাছফালে পিন্ধোৱা হয়৷ বযসস্থ লোকৰ বাবে নতুন বস্ত্ৰ(বগা) পৰিধান কৰোৱা হয়৷ মৃতকৰ বাবে আগতীয়াকৈ বস্ত্ৰ তৈয়াৰ কৰে৷ যেনে- পুৰুষৰ বাবে কঁপাহ সূতাৰে গন্ৰ ওগন (ধূতি) মিবু গালুক, গামোচা আদি সম্পূৰ্ণৰূপে নতুন বস্ত্ৰ আৰু নাৰীৰ বাবেও মেখেলা, গেৰ’ আদিৰ দৰে বস্ত্ৰ ওলোটাকৈ পৰিধান কৰাই লৈ তলত চেলেং চাদৰ পাঁচখন ওপৰত পাঁচখনকৈ মৰাশৱ জনৰ গাত মেৰিয়াই লোৱা হয়৷ কিয়নো পাঁচ সংখ্যাটো মিচিংসকলৰ বাবে গুৰুত্বপূৰ্ণ সংখ্যা৷ তেওঁলোকৰ চাং ঘৰ সাঁজোতে ঘৰত ওপৰত পাঁচ তৰপ আৰু তলত পাঁচ তৰপকৈ দিয়া দেখা যায়৷ ঘৰৰ আপোন লোকৰ লগতে সম্বন্ধীয় জ্ঞাতী কুটুম্বসকলে গোট খাই চাঙিত দিয়াৰ আগতে চাকি-বন্তি-ধূপ দ্বীপ জ্বলাই ভগৱানলৈ উচৰ্গা কৰি ৰাইজে জয়ধ্বনি দি ঘৰৰ পৰা মৰা শৱ সমাপন কৰা ঠাইলৈ চাৰিজন ভকতে দাঙি আনি নামে-গুনে গাই গাই লৈ যোৱা হয়৷ সমাপন কৰা ঠাইডোখৰত মৰাশৱজনক পাঁচবাৰকৈ দাঙি লৈ প্ৰদক্ষিণ কৰা হয়৷ লগতে গাঁতৰ চাৰি চুকত ধৰিত্ৰী আইক উদ্দেশ্য কৰি ৰূপৰ মুদ্ৰা চাৰিটাকৈ উচৰ্গী তেওঁলোকৰ পূজ্য দেৱতা সৃষ্টি স্থিতিৰ গৰাকীক উদ্দেশ্য কৰি অৰ্থাৎ (দঃঞি-পঃল) আদিক সাক্ষী কৰি গাতত স-সন্মানেৰে দিয়া হয়৷ আপোন সম্বন্ধ প্ৰত্যেক লোকেই এলদাকৈ মাটি গাতৰ ভিতৰলৈ দান হিচাপে দলিয়াই দি মৃতকৰ চিৰ বিদায় দিয়ে৷ লগতে ই পুৰীত আত্মাৰ সহায়ক হিচাপে একো একো ডালকৈ গছৰ ডাল (লাঠী) হিচাপে শৱক ওপৰত দিয়া হয়৷ ইয়াকে ‘গলং’ বুলি কোৱা হয়৷
লগতে মৃতকৰ মৰমলগা ব্যৱহৃত বস্ত্ৰসমূহকো মৰিশালীত থৈ দিয়া হয়৷ মৰিশালীৰ ওপৰত বগা চেলেং চাদৰেৰে আটক-ধুনীয়াকৈ ঢাকি দিয়া হয়, ইয়াৰ উপৰিও কোনো বন্য জীৱ-জন্তুৱে মৰিশালীটো নষ্ট কৰিব নোৱাৰাকৈ নতুন জেউৰাৰে ভেটা দি ধৰি ৰখা হয়৷ মৰিশালীৰ ওপৰত মুঠতে তেওঁলোকে মৃতককো এইদৰে স-সন্মা কৰে জীৱিত অৱস্থাত যেনেকৈ সন্মান কৰিছিল৷ কাৰণ এজন ব্যক্তি জীৱিত অৱস্থাত অলেখ কষ্ট কৰি সা-সম্পতি, ঘৰ-বাৰী ঘটিছিল৷ মৃত্যুৰ পিছতো এইদৰেই কষ্ট নকৰাকৈ ই পুৰীতো থকাৰ কামনা কৰি জীৱিত লোকসকলে এই কাৰ্যবোৰ কৰি চিৰ বিদায় দিয়া দেখা যায়
- তৰুলতা পেগু দলে
চিলিমপুৰ, গোগামুখ
দূৰভাষ - ৯৬৭৮৬-২৭১৯
- Log in to post comments