Skip to content Skip to navigation

আইতাৰ আখলত: হুৰুম আৰু কোমল চাউল

অসমীয়া সমাজত "জলপান"ৰ ব্যৱহাৰ এক পৰম্পৰাগত অভ্যাস। জলপানেৰে সু সজ্জিত বাতিটোৰে অভ্যাগতক অপ্যায়ন নকৰিলে অসমীয়াৰ সন্মান যেন ৰক্ষা নহয়।পুৱা আৰু সন্ধিয়া বেলিকা অকণমান জলপান খোৱাটো প্ৰতিজন অসমীয়াৰ এটা অভ্যাস ৰ দৰে আছিল। চিৰা, মুড়ি , আখৈ, হুৰুম, ভজা চাউল, কোমল চাউল, সান্দহ, পিঠাগুৰি ইত্যাদি অসমীয়াৰ পৰম্পৰাগত উৎকৃষ্ট জলপান।
এইবোৰ যেন এতিয়া সাধু কথা। অসমীয়া বোৱাৰী-জীয়ৰীয়ে সময়ৰ অভাৱত বা আন আন অজুহাতত এইবোৰ কৰিবলৈ প্ৰায় এৰি দিয়াৰ দৰে। 
আজি এই নিবন্ধত অসমীয়াৰ দুবিধ জনপ্ৰিয় জলপানৰ প্ৰস্তুত প্ৰণালীৰ বিষয়ে কিছু কথা অবগত কৰিব খুজিছো -

হুৰুম :

হুৰুম আহোমসকলৰ দান। ইয়াক তৈয়াৰ কৰিবৰ বাবে প্ৰথমে আঠা যুক্ত বৰা ধান খিনি তিনি চাৰি দিন পানীত তিয়াই থ'ব লাগে। তাৰপাছত অকণমান ফুঁট কাঢ়ি বাঁহৰ সেৰেঙা খৰাহীত ধানবোৰ টুকি পানী শুকাবলৈ দিয়া হয়। লোৰ কেৰাহীত ধানবোৰ ভজা হয় অথবা টান ৰদত শুকুৱাই লৈ ঠাণ্ডা হ'লে ঢেকীত খুন্দা হয়। ঢেকীত খুন্দাৰো নিয়ম আছে। চাউলবোৰ অলপ চেপেটা হোৱাকৈ খুন্দাৰ লগতে তিনিবাৰ মান কম চাপত খুন্দি চাউলবোৰ পৰিস্কাৰ কৰি লোৱা হয়।
পৰৱৰ্তী সময়ত সেই চাউলবোৰ হাতেৰে মোহাৰি মোহাৰি পৰিস্কাৰ কৰি লোৱাৰ লগতে গৰুৰ ঘিঁ সানি টান ৰ'দত দিয়া হয়। ৰ'দত তপত হোৱা চাউলবোৰ উত্তাপ ক'মি নাযাবলৈ এখন কাপোৰত টোপোলা বান্ধি থৈ পৰিস্কাৰ বালিত চাউলবোৰ কম কমকৈ ভজা হয়। দেখাত মুড়িৰ দৰে যদিও হুৰুম বোৰ ডাঙৰ হয় আৰু ঘিউ সনাৰ বাবে বেছিকৈ ফুলা হয়। তাৰোপৰি এইবিধ খাবলৈও সোৱাদ লগা। 
লোৰ চালনিৰে বালিৰ পৰা হুৰুম পৃথক কৰাৰ পাছত পুনৰ চালনীৰে চালি এবাৰ ৰ'দত দি কলহত ভৰাই থয়। হুৰুম সাধাৰণতে গৰম এঁৱা গাখীৰ আৰু গুৰৰ স'তে খোৱা হয়। অৱশ্যে আন আন জলপানৰ অলংকাৰ ৰূপেও হুৰুম ব্যৱহাৰ কৰা হয়। চিৰা, কোমল চাউল, ভজা চাউল আদি জলপানৰ বাটিৰ ওপৰত হুৰুম চ'টিয়াই সোৱাদৰ লগতে দেখনিয়াৰ কৰি তোলা হয়।

এতিয়া আহোঁ অসমীয়াৰ আন এবিধ জনপ্ৰিয় জলপান "কোমল চাউল"ৰ প্ৰস্তুত পদ্ধতি আৰু পৰিৱেশন - 

কোমল চাউল :

বৰা ধান বা চকুৱা ধান আগদিনা পানী ত তিয়াই থৈ দোকমোকালিতে তিয়াই থোৱা ধানখিনি ৰ তলত জুই দিব লাগে। ধানখিনি আধা ফাটো ফাটো হওতে পানীখিনি যাবৰ বাবে এটা পাচিত কাঢ়ি থব লাগে।
তাৰপাছত খুব টান ৰদত শুকুৱাব লাগে পাতলকৈ মেলি দি। কোমল চাউল এটা ৰদতে শুকোৱা হলে ভাল... ধানখিনি শুকালে নে নাই মোহাৰ মাৰি চালে ওলোৱা চাউলটো কামুৰি চাই অনুমান কৰিব পাৰি।
এই চাউল অসমীয়া মানুহৰ বিয়া বা সকামৰ প্ৰধান বস্তু। দৈ বা এৱা গাখীৰ আৰু গুৰৰ লগত এই চাউল খাবলৈ অতি তৃপ্তিদায়ক। এই চাউল খাবৰ বাবে আগতীয়াকৈ তিয়াই চাউলটো কোমল কৰি টুকি লব লাগে। নিমখ, জলকীয়া, আদা, কেঁচা বুট, আলু পোৰা পিটিকাৰ লগত পানীত খচি কোমল চাউল খোৱাৰ আমেজেই সুকীয়া। জ্বৰ হলে মুখত অৰুচি ভাৱ আহিলে আগৰ দিনত ইয়াৰ পানী খচি খুৱাই দিলে গা জুৰ পৰে আৰু শক্তি ও পায় বুলি ভৱা হৈছিল।

বি:দ্ৰ: আগদিনাই তিয়াই নথলে ও হয়, কিন্তু তিয়াই থলে গোটেই ধানখিনি সমানে কুমলি যায় আৰু সিজাই দিওঁতে বেছি পৰ নালাগে।

এই জলপান সংস্কৃতি অসমীয়াৰ মান। ব্যস্ত পৃথিবীত এইবোৰ হেৰাই যাবলৈ ধৰিছে ক্ৰমশ:। অসমীয়াৰ চহকী সংস্কৃতি পৰিহাৰ কৰি তাৰ ঠাই লৈছে পশ্চিমীয়া তথা স্বাস্থ্যৰ বাবে হানিকাৰক "মেগী, নুডুলচ, বাৰ্গাৰ" আদিৰ দৰে কম সময়ত প্ৰস্তুত কৰিব পৰা অথচ খৰছী খাদ্য বোৰে। যিবোৰ স্বাস্থ্যৰ পক্ষেও হানিকাৰক। গতিকে এইবোৰ বৰ্জন কৰি অসমীয়াৰ পৰম্পৰাগত ৰুচিকৰ তথা স্বাস্থ্যসন্মত জলপান সমূহ অলপ কষ্ট হলেও পুনৰ জনপ্ৰিয় কৰি তোলা উচিত। 

- গীতাৰ্থী শইকীয়া।
গোগামুখ ।