বিশ্বত মংগোলীয়, আৰ্য বা ককেচীয়, নিগ্ৰো আদি কেইবা প্ৰকাৰৰ মানৱ জাতি (Human races) (আছে৷ তেওঁলোকৰ প্ৰত্যেকৰে জাতিগত স্বভাৱ-চৰিত্ৰ, ভাৱ-ভাষা, ধ্যান-ধাৰণা, লোকবিশ্বাস, লোকাচাৰ, খাদ্যাভ্যাস, বাসস্থান, সাজপাৰ, চলন-ফুৰণ আদি বৈশিষ্ট্যসমূহ ভৌগোলিক পৰিৱেশ, সামাজিক পৰিস্থিতি সাপেক্ষে গঢ় লৈ- উঠিছে৷ এইবোৰ কলা-সাহিত্য, সংস্কৃতি-সভ্যতা, প্ৰশাসন-সমাজ ব্যৱস্থাত প্ৰতিফলন হৈছে৷ মানৱ জাতি কেইটাৰ শাখা-প্ৰশাখাই বৰ্তমান কালত কেউখন মহাদেশৰ দেশ-প্ৰদেশত বিয়পি পৰিছে৷ এওঁলোকৰ মাজত আদান-প্ৰদান হৈছে৷ নতুনকৈ জাতি-উপজাতিৰো সৃষ্টি হৈছে৷ তথাপি প্ৰতিটো জাতিৰ শাখা-প্ৰশাখাৰ মাজত চাৰিত্ৰিক বৈশিষ্ট্য, ভাৱ-চিন্তা, লোক-বিশ্বাস, লোকাচাৰ কম-বেছি পৰিমাণে অটুট থকা পৰিলক্ষিত হয়৷
মংগোলীয় মানৱ জাতি-প্ৰজাতি পোন প্ৰথম মংগোলীয় দেশক কেন্দ্ৰ কৰি এছিয়া মহাদেশত বিয়পি পৰে৷ তেওঁলোকৰ বহুসংখ্যক লোক প্ৰাচীন কালত লেটিন আমেৰিকা পৰ্যন্ত বিয়পি পৰেগৈ৷ আধুনিক কালত কেওখন মহাদেশৰ বিভিন্ন প্ৰান্তত বসবাস কৰি আছেগৈ৷ আন জাতি-গোষ্ঠীৰ মাজতো চাৰিত্ৰিক বৈশিষ্ট্য, ভাৱ-চিন্তা, লোকবিশ্বাস, লোকাচাৰ পোৱা যায়৷ মংগোলীয় জাতি-প্ৰজাতিৰ মাজত এইটো লোকবিশ্বাস আছে যে, তেওঁলোকৰ পৰিয়াল, বংশ, ফৈদৰ কোনো এজন আদি জ্যেষ্ঠ সদস্য, পুৰুষ বা প্ৰভাৱশালী নেতা-নৃপতিৰ পৰাই পুলি-পোখা হৈছে৷ এই আদি পুৰুষ বা পূৰ্বপুৰুষৰ পৰাই তেওঁলোকে জীৱন লাভ কৰিছে বা তেওঁলোকৰ মাজত মানৱ জাতিৰ ধাৰাবাহিকতা ৰক্ষা হৈ আহিছে৷
পৃথিৱীৰ মানৱ জাতি কেইটাৰ বিভিন্ন শাখা-প্ৰশাখা, ঠাল-ঠেঙুলিৰ মাজত সময়ৰ লগে লগে বিভিন্ন ধৰণৰ ধ্যান-ধাৰণাই গঢ় লৈ উঠিছে৷ সেই মতে তেওঁলোকৰ জীৱন-ধাৰণ প্ৰণালীয়ো নতুন ৰূপত গা কৰি উঠিছে৷ জন্ম আৰু মৃত্যু লৈ বিভিন্ন চিন্তা-চৰ্চা, লোকবিশ্বাস, লোকাচাৰৰ সৃষ্টি হৈছে৷ জন্মৰ পিছত মৃত্যু, মৃত্যুৰ পিছত কলৈ যাব বা কেনে অৱস্থা লাভ কৰিব, সেইবোৰ ভাৱ-চিন্তা-দৰ্শনৰ শেষ নাই৷ মৌখিক আৰু লিখিত ৰূপত সেইবোৰ ভাৱ-চিন্তাও প্ৰকাশ পাইছে৷ মানৱ জাতিকেইটাৰ মাজত এইটো সাধাৰণতে বিশ্বাস কৰা হয় যে, মৃত্যুৰ পিছত কৰ্ম বা বিচাৰ অনুসৰি স্বৰ্গ, নৰক বা মুক্তি প্ৰাপ্তি হয়৷ পূণ্য কৰ্মৰ ফলত অমৰত্ব প্ৰাপ্ত হৈ স্বৰ্গত বাস কৰে৷ স্বৰ্গত স্ৰষ্টা বা ঈশ্বৰৰ পদসেৱা কৰাৰ সৌভাগ্য লাভ কৰে৷ আকৌ স্ৰষ্টা, ঈশ্বৰ বা পৰম আত্মাৰ সৈতে বিলীন হৈ জন্ম-মৃত্যুৰ পৰা মুক্তি লাভ কৰে৷ ইয়াতো জীয়াই থকাই হয়গৈ৷ পাপীসকল নৰকলৈ পতিত হৈ চিৰ কাল শাস্তি ভুগি থাকিবলগীয়া হয়৷ ইয়াৰ ভাৱাৰ্থ হল মৃত্যুৰ পিছতো মৃত্যু নাই৷ পাকে-প্ৰকাৰন্তে জীয়াই থাকে৷
মানৱ জাতিকেইটাৰ ভিতৰত এইটো দেখা যায় যে, মংগোলীয় মানৱ জাতিৰ ভাৱ-আদৰ্শ ব্যতিক্ৰম৷ মঙ্গোলীয় জাতি-গোষ্ঠীৰ লোকে বিশ্বাস কৰে যে, তেওঁলোকৰ পূৰ্ব-পুৰুষ বা মৃতক জ্ঞাতিসকল জীৱিত পো-নাতি হৈ জীয়াই থাকে৷ তেওঁলোকৰ মন আৰু তেজ-মঙহ উত্তৰ-পুৰুষে লাভ কৰে৷ এনে এটা ভাৱ-দৰ্শনতে মঙ্গোলীয় জাতি-গোষ্ঠীৰ লোকে আৰাধ্য ফ্ৰা-ভগৱান বুদ্ধলৈ পূজা-সেৱা জনাই পূৰ্ব-পুৰুষলৈ পুণ্যাৰ্থে শ্ৰদ্ধা স্মৰণ কৰে৷ তেওঁলোকৰ পূণ্যাৰ্থে জীৱিত পো-নাতিয়ে বংশধৰ সকলে পূৰ্বপুৰুষ বা মৃতক জ্ঞাতিসকলৰ পূণ্যাৰ্থে স্মৃতি-শ্ৰদ্ধা-তৰ্পণ আগবঢ়াই আহিছে৷ মংগোলীয় জাতি-গোষ্ঠীৰ লোকে ধাৰণা কৰে যে যেতিয়ালৈকে জীৱিত পো-নাতি, বংশধৰসকলে পূৰ্বপুৰুষ বা মৃতক জ্ঞাতিসকলৰ পুণ্যাৰ্থে স্মৃতি-শ্ৰদ্ধা-তৰ্পণ মংগল কামনা কৰি থাকিব, তেতিয়ালৈকে তেওঁলোক জীয়াই থাকিব পাৰে; আৰু তেতিয়ালৈকে তেওঁলোকে জীৱিত পো-নাতিৰ মংগল আশীৰ্বাদ কৰি থাকে৷ স্মৃতি-শ্ৰদ্ধা-তৰ্পণৰ বাবে মৃত শৰীৰৰ ওপৰত স্তুপ-মৈডাম নিৰ্মাণ কৰা হয়৷ মৈডামত তেওঁলোক জীৱাশ্ম (Fossil) হৈ থাকে৷ তাকে আহোম মতে মৰিও দেৱতা হৈ থাকে বুলি কোৱা হয়৷ পূৰ্ব-পুৰুষৰ মৃত শৰীৰ অশুচি গণ্য কৰি জ্বলাই দিয়া আহোম মৃতকজনৰ বাবে ‘মে-ডাম-মে-ফী’ অনুষ্ঠান নিৰৰ্থক৷ মঙ্গোলীয় ভাৱ-চিন্তা- আদৰ্শৰ পৰা চ্যুত হৈ চুবুৰীয়া হিন্দু নিম্ন শ্ৰেণীৰ জাতি-ধৰ্ম শাস্ত্ৰ লৈ হিন্দু বুলি পৰিচয় লোৱা আহোমখিনিয়ে মৃতকৰ কাঠ সংস্কাৰ কৰে৷ তেওঁলোকে মৈডাম প্ৰথাৰ অনুগামী সকলৰ নিচিনাকৈ বাহ্যিক ৰূপত ‘মে-ডাম-মে-ফী’ অনুষ্ঠান কৰি দেখুৱালেও তেওঁলোকে আচৰণ কৰি থকা ধৰ্ম-বিধি মতে ‘বিদেহী আত্মা’লৈ এই ধৰ্মীয় অনুষ্ঠান অৰ্থহীন৷ তেওঁলোকৰ দেৱতা ধৰ্মত জন্ম আৰু মৃত্যু দুয়োটাকে অশুচি-অপবিত্ৰ বুলি গণ্য কৰা হয়৷ জাতকৰ অশুচিক প্ৰায়চিত্ত কৰি শুদ্ধি অনুষ্ঠান কৰা হয়৷ আনহাতে মৃতক জনৰ শৰীৰটোকে অশুচি গণ্য হেতু তাৎক্ষণিকভাৱে জ্বলাই পেলোৱা হয়৷
মঙ্গোলীয় জাতি-গোষ্ঠীৰ সমাজ জীৱনত ব্যক্তি, পৰিয়াল, বংশ, ফৈদৰ ফালৰ পৰা অথবা সমূহীয়া ভাৱেও পূৰ্ব-পুৰুষৰ পূণ্যাৰ্থে ফ্ৰা-ভগৱান বুদ্ধৰ ওচৰত মঙ্গল কামনা কৰি স্মৃতি-শ্ৰদ্ধা-তৰ্পণ নিবেদন কৰা হয়৷
মঙ্গোলীয় শাক্য জাতিৰ অধিৰাজকুমাৰ সিদ্ধাৰ্থ গৌতম পিছলৈ বোধি-জ্ঞান লাভ কৰি ভগৱান বুদ্ধ বুলি জ্ঞাত হয়৷ মৈডাম প্ৰথাৰ আহেম বৌদ্ধসকলৰ মাজত ভগৱান বুদ্ধই ফ্ৰা ভগৱান বুদ্ধ এই পৰিভাষা লাভ কৰিছে৷ তেৱোঁ মঙ্গোলীয় বংশোদ্ভৱ কাৰণে তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত বৌদ্ধ ধৰ্মৰ মাঙ্গলিক অনুষ্ঠানত ফ্ৰা-ভগৱান বুদ্ধৰ ওচৰত মঙ্গল কামনা কৰি মৃতক-জ্ঞাতি সকলৰ পূণ্যাৰ্থে স্মৃতি-শ্ৰদ্ধা-তৰ্পণ আগবঢ়োৱা বিধি-পৰম্পৰা অন্তৰ্ভুক্ত হৈছে৷ থেৰাবাদ বা হীনযান বৌদ্ধ পন্থাত মৃত শৰীৰ দাহ কৰাৰ সংস্কাৰ আছে৷ বহুজনৰ হিতৰ বাবে বহুজনৰ সুখৰ বাবে সেৱা আগবঢ়াই নিৰ্বান বা মুক্তি লাভৰ সংকল্প কৰা হয়৷ বৌদ্ধ ধৰ্মত বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰতিটো প্ৰাণীয়েই সেৱা আগবঢ়াই নিৰ্বাণ সোঁতলৈ ধাৱিত হয় আৰু নিৰ্বাণ লাভ কৰিব পাৰে৷ এই নিৰ্বাণ প্ৰাপ্তসকলৰ জন্ম বা মৃত্যু নাই৷ এই নিৰ্বাণ জন্ম বা মৃত্যুৰ বাহিৰত৷ গতিকে জন্ম বা মৃত্যুৰ পিছত জীয়াই থকা বা নথকাৰ প্ৰশ্ন নাই৷
আন্যহাতে মহাযান বৌদ্ধ ধৰ্মত বিশ্ব-ব্ৰহ্মাণ্ডৰ প্ৰতিটো প্ৰাণীয়ে নিৰ্বাণ লাভ নকৰালৈকে নিজৰ নিৰ্বাণ বা মুক্তিকো পিছুৱাই থৈ আনৰ সেৱাত ব্ৰতী থকাৰ দৃঢ় সংকল্প লোৱা হয়৷ এনে এটা ভাৱ- দৰ্শনতে মহাযান বৌদ্ধ ধৰ্মৰ অনুগামীসকলে মৃতকক তাৎক্ষণিকভাৱে আসুৰিক প্ৰথাৰে মৃত শৰীৰ নজ্বলাই মৈডাম দি সংৰক্ষণ কৰে৷ মৈডাম শ্মশান-মৰিশালি নহয়৷ মৈডাম পূৰ্বপুৰুষ শান্তিত শুই থকা পবিত্ৰ স্থান৷ খ্ৰীষ্টানসকলৰ গীৰ্জা, মুছলমানসকলৰ মছ্জিদ আৰু হিন্দুসকলৰ ধৰ্মৰ মন্দিৰৰ দৰে আহোম মৈডাম প্ৰথাৰ অনুগামী সকলৰ বাবে স্তুপ মৈডাম৷ ইয়ালৈ গৈ জীৱিত পো-নাতিয়ে বছৰ পৰিৱৰ্তনৰ সংক্ৰান্তিৰ বিহুৰ দিনা, বছেৰেকীয়া শ্ৰাদ্ধৰ দিনা অথবা আন সময়ত মৃত জ্ঞাতিলৈ পুণ্যাৰ্থে স্মৃতি-শ্ৰদ্ধা-তৰ্পণ আগবঢ়াই ফ্ৰা ভগৱান বুদ্ধৰ ওচৰত মঙ্গল আশীৰ্বাদ প্ৰাৰ্থনা কৰে৷
এই খিনিতে উল্লেখ কৰিব পাৰি যে, মঙ্গোলীয় জাতি-গোষ্ঠী লোকৰ সমাজ জীৱনত পূৰ্ব-পুৰুষৰ মৃত্যুক কেন্দ্ৰ কৰি আন বিধি-পৰম্পৰাও সৃষ্টি হৈছে৷ অৱশ্যে সময়ৰ লগে-লগে সেইবিলাকৰ প্ৰায়খিনি উঠি গৈছে বা পৰিবৰ্তিত ৰূপত চলি আছে৷ আগৰ কালত যুদ্ধ-বিগ্ৰহত শত্ৰু পক্ষই তেওঁলোকৰ কোনো সৈনিক বা লোকক হত্যা কৰিলে শত্ৰুপক্ষৰ ওপৰত বিশেষ দণ্ড বিধানো নিৰ্দিষ্ট হৈছিল৷ যিহেতুকে মঙ্গোলীয় সেনা বা লোকজনক হত্যা কৰি ৰাষ্ট্ৰ বা সমাজখনৰ মৰ্যাদা হানি কৰিছে আৰু যিহেতুকে নিহতজনৰ পূৰ্বপুৰুষৰ মৃত্যুক বা ‘ডাম’ক (the spirit of the dead Ancestor) আঘাত কৰিছে আৰু নিহতজনৰ মৃত্যুৰ লগে-লগে পূৰ্বপুৰুষৰ স্মৰণ-শ্ৰদ্ধা-তৰ্পণ বন্ধ হ’লে পূৰ্বপুৰুষ জীয়াই নেথাকিব৷ গতিকে হত্যাকাৰী শত্ৰুৰ বিচাৰ দিওঁতে এই দুয়োটা দোষৰ কাৰণে শাস্তি-দণ্ড প্ৰদান কৰা হয়৷
মঙ্গোলীয় জাতি-গোষ্ঠীৰ লোকৰ মাজত ফ্ৰা-ভগৱান বুদ্ধলৈ পূজা-সেৱা আগবঢ়াই পূৰ্বপুৰুষ মৃতক-জ্ঞাতিসকলৰ মঙ্গলাৰ্থে স্মৃতি-শ্ৰদ্ধা-তৰ্পণ জনোৱা প্ৰথাত আধ্যাত্মিক জীৱন, সামাজিক আদৰ্শ প্ৰতিফলিত হয়৷ আহোম ‘মে-ডাম-মে-ফী’ তেনে এটা বছৰ পৰিবৰ্তনৰ সংক্ৰান্তি দিনৰ অনুষ্ঠান য’ত মঙ্গোলীয় জাতি-গোষ্ঠী লোকৰ জীৱন দৰ্শন প্ৰকাশিত হয়৷ মে-অৰ্পণ, ডাম- মৃত্যুক, মে-অৰ্পণ, ফী-দেৱতাঃ- ভাৱাৰ্থ ফ্ৰা-ভগৱান বুদ্ধলৈ পূজা-সেৱা কৰি মৰি দেৱতা হোৱা মৃত্যুকলৈ পূণ্যাৰ্থে স্মৃতি-শ্ৰদ্ধা-তৰ্পণ৷
মঙ্গোলীয় জাতি-গোষ্ঠীৰ বিভিন্ন জাতি-উপজাতিৰ মাজত আহোম ‘মে-ডাম-মে-ফী’ৰ নিচিনা মৃতকৰ তিথি অনুষ্ঠান বিলাকে জীৱিত আৰু মৃতক জ্ঞাতিসকলৰ মাজৰ সম্বন্ধক ব্যক্তি, পৰিয়াল আৰু ৰাষ্ট্ৰ জীৱন বিশেষে সতেজ আৰু সবল কৰি আহিছে৷ বিশ্বৰ প্ৰতিখন দেশেই সামৰিক বাহিনী আৰু পুলিচ বাহিনীৰ ফালৰ পৰা শ্বহীদ দিৱস পালন কৰি জীৱিত আৰু মৃতক সকলৰ মাজত সম্বন্ধ উজ্জীৱিত কৰি আহিছে৷ মঙ্গোলীয় জাতি-গোষ্ঠীৰ বহু দেশ আৰু লোকে খৃষ্টান বা ইছলাম ধৰ্ম গ্ৰহণ কৰিছে৷ তেওঁলোকেও মৃতকৰ কবৰ বা মৈডামত গৈ মৃতক-জ্ঞাতিসকলৰ পুণ্যাৰ্থে সৰ্বশক্তিমান ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়৷ বৌদ্ধ, খৃষ্টান, মুছলমান সমাজত পূৰ্বপুৰুষ-মৃতক জ্ঞাতিসকলৰ পূণ্যাৰ্থে আগবঢ়োৱা মঙ্গল প্ৰাৰ্থনা কোনোৱে-কোনোৱে ভবা আৰু কোৱাৰ দৰে পূৰ্বপুৰুষলৈ পূজা (Ancestor worship) নহয়৷
-- বৌউন্ থন্ গগৈ, ডিব্ৰুগড়
- Log in to post comments