Rose

Rose

poetryaad

গোলাপৰ স্তৱক


(১)
গোলাপৰ সতেজ এপাহ
হ’লেইবা  তল সৰা
হাতৰ মুঠিত
সানি যায় গোলাপী সুৱাস ৷
 

(২)

এপাহ চিঙি
সোধো গোলাপক
"কোৱাছোন তোমাৰ বেদনা কিমান ?"
মিচিকি হাঁহিৰে গোলাপে কয়
"তোমাৰ সুখানুভূতিত
লুকুৱাই থওঁ
মোৰ দুখ অভিমান ৷"

(৩)

গোলাপৰ নিচেই কাষতো
কাঁইটৰ হৃদয় শুকান ৷

বহু নিলগতো জীপাল মই ৷
লৈ গোলাপৰ সুৱদী সুঘ্ৰাণ