মোৰ মন যায়

মোৰ মন যায়

poetryaad

মন যায়

মন যায় ধুনীয়া তৰাৰ কাষ পাবলৈ মোৰ মন যায় ফটোগ্ৰাফী কৰিবলৈ
মোৰ মন যায় তুলিকাত ৰং সানি আকাৰ বনাবলৈ
মোৰ মন যায় আইতাৰ সৈতে নামঘৰ যাবলৈ
মোৰ মন যায় তোমাৰ সৈতে বেলি ডুবা চাবলৈ
মোৰ মন যায় আগলতি কলাপাতত ভাত খাবলৈ
মোৰ মন যায় জেতুকাৰ পাতেৰে হাত বোলাবলৈ
মোৰ মন যায় মোৰ মন যায় মোৰ মন যায় পাতল পাতল মেঘৰ মাজত আকাৰ বিচাৰিবলৈ
মোৰ মন যায় বৰলুইতৰ বুকুৱেদি বৈ যোৱা নাওঁ চাবলৈ
মোৰ মন যায় সেউজীয়া ধাননিৰ মাজত সোণালী ধান বিচাৰিবলৈ কৃষ্টিৰ নানাৰঙী চানেকীত মিলি যাবলৈ
মোৰ, মোৰ বৰ মন যায়