আত্ম-প্ৰতিকৃতি(Self-Portrait )
PoetryIndian English poetry

আত্ম-প্ৰতিকৃতি(Self-Portrait )

আত্ম-প্ৰতিকৃতি
______
মূল: এ.কে. ৰামানুজন
অনুবাদ: প্ৰিয়ানুজ কলিতা 

মই মোৰ ব্যতিৰেকে অন্য সকলোৰে সদৃশ,
আৰু কদাচিত পথৰ বিপণিৰ বাতায়নত দেখা পাওঁ 
আলোকবিজ্ঞানৰ সুবিদিত সূত্ৰসমূহ অৱজ্ঞা কৰিও,
এক অজ্ঞাত দিনাংকৰ কোনো অচিনাকীৰ প্ৰতিকৃতি,
যি প্ৰায়ে এটা প্ৰান্তত
মোৰ পিতৃদেৱৰ দ্বাৰা স্বাক্ষৰিত।