শকুন্তলা (Sakontala)
মূল: জোহান ৱল্ফগাং ফন গ্যোটে
অনুবাদ: প্ৰিয়ানুজ কলিতা
যদি বাঞ্ছা কৰা নৱবৰ্ষৰ প্ৰথম বিকশিত মুকুলদল,
কিংবা কামনা কৰা ইয়াৰ পৰিণতিৰ সুপক্ব ফল;
যাৰ পৰশেৰে আত্মা হয় পুলকিত, বিভোৰ আৰু তৃপ্ত,
ধৰিত্ৰী আৰু স্বৰ্গলোকক একেটি নামতে বান্ধিবলৈ ব্যাকুল নে হিয়া তোমাৰ ?
তেন্তে মই উচ্চাৰণ কৰো মাথো তোমাৰেই নাম, হে শকুন্তলা!
আৰু মুহূৰ্ততে যেন জগতৰ সমস্ত সত্য হৈ পৰে ব্যক্ত।