অ’জিমাণ্ডিয়াছ
PoetryClassic

অ’জিমাণ্ডিয়াছ

কোনো এক সুদূৰ পুৰাতন ভূখণ্ডৰ এক পান্থক লগ পাইছিলো মই,
তেওঁ কৈছিল – "দুটি বিশাল আৰু ধড়হীন প্ৰস্তৰ চৰণ
থিয় হৈ আছে মৰুৰ বুকুত। তাৰে সমীপতে তপ্ত বলুকাত,
অৰ্ধ-নিমজ্জিত এক ভগ্ন মুখাৱয়ব পৰি আছে; কুঞ্চিত যাৰ ভ্ৰূযুগল,

আৰু কোঁচ খোৱা ওঁঠ, আৰু শীতল আদেশৰ সেই তাচ্ছিল্যভৰা হাঁহিয়ে
কৈ দিয়ে, ইয়াৰ খনিকৰে সেই আৱেগবোৰ নিপুণভাৱে পঢ়িছিল;
যিবোৰ আজিও জীয়াই আছে, এই নিৰ্জীৱ প্ৰস্তৰত খোদিত হৈ ,
তাক উপহাস কৰা সেই খনিকৰৰ হাত আৰু তাক স্পন্দিত কৰা সেই হৃদয়তকৈও দীৰ্ঘজীৱী হৈ।
আৰু  বিগ্রহৰ বেদীত জিলিকি উঠিছে সেই অমোঘ বাণী:
'ময়েই অ’জিমাণ্ডিয়াছ, ৰাজাধিৰাজ,
হে পৰাক্ৰমীসকল, চোৱা মোৰ এই পৰাক্ৰম, আৰু হতাশাত ম্ৰিয়মান হোৱা!'

সমীপত এতিয়া একোৰেই অৱশিষ্ট নাই; সেই বিৰাট ধ্বংসস্তূপৰ
চৌপাশে কেৱল অনন্ত ক্ষয়িষ্ণুতা, সীমাহীন‌ ৰিক্ততা,
একাকীত্বৰে সমতল মৰুৰ বলুকাৰাশি বিস্তাৰিত হৈ আছে দূৰ শূণ্যলৈ।"

– পাৰ্চী বিচি শ্যেলী
(অনুবাদ : প্ৰিয়ানুজ কলিতা)