দৰ্শক

দৰ্শক

অকস্মাৎ অৰণ্যৰ মাজৰ ৰে'ল আলিয়েদি দ্রুত গতিৰে এখন ৰে'ল চলিব ধৰিলে। অৰণ্যৰ মাজৰপৰা হাতে হাত ধৰি দৌৰি অহা নায়ক-নায়িকাৰ মুখকেইখনত আতংকৰ চিন স্পষ্ট। অকস্মাৎ আবিৰ্ভাৱ হোৱা ৰে'লখন দেখি তেওঁলোকৰ মুখত যেন আশাৰ ৰেঙনি দেখা গ'ল। দুয়োৰে মুখ দুখনত কেমেৰাৰ Close-up shot। দুয়োৰে মুখ দুখনত ঈষৎ হাঁহিৰ ৰেঙনি। হঠাৎ এডাল কাঁড় নায়কৰ কাণৰ কাষেৰে পাৰ হৈ গ'ল। উত্তেজক পাৰ্শ্বধ্বনি। অৰণ্যৰ মাজৰপৰা ওলাই আহিছে শৰীৰত ভিন্নৰঙী বোল সনা এদল মানুহ। হাতে হাতে ধনু-কাঁড়। তেওঁলোকৰ একেবাৰে অগ্ৰভাগত থকাজকৰ মুখত Camera ৰ close-up shot। মুখত ৰঙা আৰু হালধীয়া ৰঙৰ প্ৰলেপ সনা মানুহজনৰ মূৰত চৰাইৰ পাখিৰে নিৰ্মিত এটা মুকুট। নায়ক-নায়িকালৈ চাই তেওঁ বিৰবিৰাই কিবা নিৰ্দেশ দিলে। লগে লগে দুই-তিনিখন ধনুৰপৰা একেলগে ট্যুং-ট্যুং শব্দবোৰ বাহিৰ হ'ব ধৰিলে। সৰোপ সৰোপকৈ যোৱা এডাল কাঁড়েও কিন্তু নায়ক আৰু নায়িকাক স্পৰ্শ কৰিব নোৱাৰিলে। উৰন্ত চৰাইকো বগৰাই দিয়া কাঁড়বোৰ আজি হেলাই-ফেপাই দৌৰি থকা দুটি নৰমনুষ্যক স্পৰ্শ কৰাটো ব্যৰ্থ হ'ল। অৱশেষত নায়ক-নায়িকাদৌৰি গৈ চলন্ত ৰেলখনত উঠিল। নায়কে বুকুলৈ চপাই ল'লে নায়িকাক... THE END (ৰঙা ৰঙা আখৰত)

"সামৰণিটো সলাই দিয়া" ফ্ৰেঞ্চকাট দাঢ়িখিনিৰ ওপৰেৰে‌ এথোপা শুকুলা ধোঁৱা উলিয়াই‌ তেওঁ ক'লে।
"কিয়?"
"Because it's a happy ending. Entertaining the public is the greatest sin for an intellectual filmmaker or a critically acclaimed novelist."
পৰ্দাৰ সিফালে…
ক্ৰীং‌ ক্ৰীং…
“হে'ৰা বিপিন… ষ্টুডিঅ’ আহিবাচোন এপাক।”
ক্ৰীং ক্ৰীং…
“অনিৰ্বাণ… ডাঙৰ কথা এটা হ'ল নহয়। নাই নাই চেন্সৰশ্বিপৰ মামলা নহয়… দুটা… ওমম্ দুটামান ছীন… তিনিটা ধৰিছো। মালাক কল কৰিম ? আচ্চা তুমি কৰিবা! লগতে আছে ? দিয়াচোন… অ'কে মালা থেংকছ… ৰিলেক্স… It's just a movie…”

 অৱশেষত নায়ক আৰু নায়িকা দৌৰি গৈ চলন্ত ৰেলখনত উঠিল। নায়কে বুকুলৈ চপাই ল'লে নায়িকাক। মিলনাত্মক পার্শ্বসংগীত। ক্লান্তি আৰু আনন্দৰ মিশ্ৰিত অভিব্যক্তি। নায়কৰ মুখত - Close-up shot। নায়িকাইও নিজকে এৰি দিলে নায়কৰ বুকুত। অকস্মাৎ নায়কে এটা মৰণকাতৰ চিঞৰ কৰি উঠিল। এডাল কাঁড় ৰেলৰ খিৰিকীৰে সোমাই নায়কৰ পিঠিখন শালি পেলালে। নায়কৰ মুখখন যন্ত্ৰণাত বিকৃত হৈ উঠিছে। নায়িকাৰ কোলাত নায়কে অন্তিম ক্ষণ গণিছে। অকস্মাৎ এডাল কাঁড় আহি নায়িকাৰ ডিঙিৰ ইপাৰ-সিপাৰ হৈ গ'ল। নায়কৰ মৃতদেহটোৰ কাষতে নায়িকাকো লুটি খাই পৰিল... THE END (প্ৰতিটো আখৰৰ পৰা তেজ বৈ আহিছে)...
"Now we can say that this is truly a masterpiece. Remember, entertaining the public is the greatest sin for an intellectual filmmaker or a critically acclaimed novelist."
কথাখিনি কৈ তেওঁ এমুখ ধোঁৱা মোৰ মুখৰ ফালে এৰি দিলে। 
অকম্মাৎ সৃষ্টি হোৱা ধোঁৱাখিনিয়ে মোৰ সন্মুখত এখন অদ্ভুত জগত সৃষ্টি কৰিলে। তাত মই শুনিবলৈ পালো দৰ্শকৰ কিৰিলি, সুহুৰি, পইচাৰ ঝনঝননি আৰু বঁটা বিজয়ৰ ঘোষণা। হঠাৎ ধোঁৱাখিনি ফালি এপাটি চেন্দেল আহি মোৰ মূৰত পৰিল। সেই চেন্দেলপাটিৰ পৰা এটা টিকট ওলমি আছিল। তাত চেন্দেলৰ গৰাকীৰ নাম লিখা আছে। নাম- “দৰ্শক”।