যৌৱনৰ গান (Jauvanar Gaan)
| Language | English |
|---|---|
| Format | Paperback |
₹349.00
Rate this book:
★
★
★
★
★
About this book
"ঊনবিংশ শতিকাৰ ত্ৰিছৰ দশকৰ প্ৰথমাৰ্ধত চীন দেশত অভাবনীয় দুর্যোগে দেখা দিছিলসমগ্র দেশ নিমজ্জিত হ'ল এক দূৰন্ত জাতীয় সংকটত। ১৯৩১ চনৰ ১৮ ছেপ্টেম্বৰত মধ্য চীনৰ উত্তৰ-পূৰ্বাঞ্চলত থকা চাৰিখন প্ৰদেশ জাপানী সাম্রাজ্যবাদে দখল কৰিলে। তাতেই ক্ষান্ত নাথাকি ন ন অঞ্চল কুক্ষিগত কৰাৰ কাৰণে জাপান ক্ষিপ্ৰতাৰে অগ্ৰসৰ হ'লইখনৰ পাছত সিখনকৈ —চাংহাই, চাহাৰ আৰু চ্যু-ইউয়ান আক্ৰমণ কৰিলে। ... চীন দেশ প্রায় ধ্বংসৰ মুখত থিয় দিলেহিআৰম্ভ হ'ল আন এক দীঘলীয়া অধ্যায়নিজৰ দেশখনক ভাল পোৱা মানুহবোৰে, বিশেষকৈ ডেকাশক্তিয়ে গঢ়ি তুলিলে অপ্ৰতিৰোধ্য বিপ্লৱ । এইদৰে অৱশেষত ১৯৪৯ চনত চীন দেশৰ মুক্তি সম্ভৱ হ'ল। শত শত শ্বহীদৰ সপোন সাকাৰ হ'ল আৰু বিস্ময়কৰ ব্যাপকতাৰে চীন দেশত সমাজতন্ত্র প্রতিষ্ঠা হ'ল। প্রাচীন পুৰাতন সমাজ ব্যৱস্থাৰ বিৰুদ্ধে তৰুণ বুদ্ধিজীৱীৰ প্ৰতিবাদেই হ'ল এই উপন্যাসৰ প্ৰধান উপজীব্য ইয়াং মোরে লিখিছে— 'আন্ধাৰতকৈ পোহৰ অধিক শক্তিশালী। নীচতাতকৈ শালীনতাই বেছি বলশালী। স্বাৰ্থপৰতাক আঁতৰাই নিঃস্বাৰ্থপৰতা নিশ্চয়কৈ জয়ী হ'ব যেনেদৰে সুখৰ ওচৰত দুখে পৰাজয়ৰৰণ কৰে। আমি সকলোৱে একোজন প্ৰকৃতাৰ্থৰ মানুহ হিচাপে জীয়াই থাকিবই লাগিব।"
Published / sourced via
The Book Nook, Nagaon, Assam