হে অভিশপ্ত... (You, Who Is Cursed....)
মূল: আনা আখমাতোভা
অনুবাদ: প্ৰিয়ানুজ কলিতা
হে অভিশপ্ত, তুমি মহিমামণ্ডিত,
বন্য অথচ সৰল তোমাৰ সেই স্বৰ।
জনতাৰ ভাষালৈ তাক কৰিবলৈ অনুদিত,
সমৰ্থ নহয় কোনো নৰ-নাৰীৰ অন্তৰ।
তুমি লভিবা বিস্মৃতিৰ কোলাত স্থান,
যিদৰে মনুষ্যই কৰে দেৱালয়ত প্ৰৱেশ।
তথাপিও তোমালৈ থাকিব মোৰ আশিস-দান,
মোৰ কৰ-কমল আৰু হৃদয়ৰ অৱশেষ।