ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি স্মৃতিচাৰণ সভা

ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ

ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ

অসম সাহিত্য সভা , দিল্লী শাখাই ৫ নবেম্বৰ , ২০২২ তাৰিখ শনিবাৰে বিয়লি ৪ বজাত শঙ্কৰদেৱ ভৱনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰে ৷ সভাৰ আৰম্ভণিতে সম্পাদকৰ অনুৰোধক্রমে সভাপতি কর্ণেল জিতেন হাজৰিকাদেৱে আসন গ্রহণ কৰে আৰু তাৰ পৰৱর্তী কার্যসূচীত সভাৰ প্রতীকগীত "চিৰ চ

অসম সাহিত্য সভা , দিল্লী শাখাই ৫ নবেম্বৰ , ২০২২ তাৰিখ শনিবাৰে বিয়লি ৪ বজাত শঙ্কৰদেৱ ভৱনত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ আয়োজন কৰে ৷ সভাৰ আৰম্ভণিতে সম্পাদকৰ অনুৰোধক্রমে সভাপতি কর্ণেল জিতেন হাজৰিকাদেৱে আসন গ্রহণ কৰে আৰু তাৰ পৰৱর্তী কার্যসূচীত সভাৰ প্রতীকগীত "চিৰ চেনেহী ..." পৰিৱেশন কৰা হয় ৷ সম্পাদকে সভাৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ পাছত পৰৱর্তী কার্যসূচী হিচাপে ভূপেন হাজৰিকাদেৱৰ প্রতিচ্ছবিৰ সন্মুখত সভাপতিয়ে বন্তি প্রজ্জ্বলন কৰে আৰু উপস্থিত ৰাইজে শ্রদ্ধা তর্পণ কৰে ৷ পৰৱর্তী কার্যসূচীত দিব্যজিৎ দত্তদেৱে সুধাকণ্ঠৰ বিশাল ব্যক্তিত্বৰ ওপৰত চমূ বক্তৃতা প্রদান কৰে ৷ তাৰ পাছত ত্রিদীপ শইকীয়াদেৱে সুধাকণ্ঠৰ অপাৰ জনপ্রিয়তা তথা সৰল মনৰ বিষয়ে উল্লেখ কৰাৰ উপৰিও তেখেতৰ সৈতে থকা ব্যক্তিগত অভিজ্ঞতাসমূহ ব্যাখ্যা কৰি চমু ভাষণ আগবঢ়ায় ৷ ইয়াৰ পাছত প্রাঞ্জল বৰুৱা , অংশুমান বৰুৱা , শর্মীষ্ঠা বর্মন , ইৰাণী শইকীয়ায়ো সুধাকণ্ঠৰ বিৰল জনপ্রিয়তাৰ ওপৰত দুআষাৰ কয় ৷ বক্তৃতাসমূহৰ মাজে মাজে শ্যামলিমা কাকতি , ইৰাণী শইকীয়া আৰু ৰীম পাঠকে ভূপেন্দ্র সঙ্গীত পৰিৱেশন কৰি সুধাকণ্ঠক শ্রদ্ধাৰে সোঁৱৰে ৷ সভাৰ শেষত সভাপতি ডাঙৰীয়াই ভূপেনে হাজৰিকাদেৱৰ সৈতে তেখেতৰ উল্লেখযোগ্য ব্যক্তিগত অভিজ্ঞতাসমূহক সামৰি সংস্কৃতৰ শ্লোকেৰে মহান শিল্পীগৰাকীৰ কলাবোধ আৰু শিল্পীসত্বাৰ ব্যাখ্যা দি সুন্দৰ বক্তৃতা আগবঢ়ায় ৷ অৱশেষত অসমৰ জাতীয় সঙ্গীত পৰিৱেশন কৰি সভাভঙ্গ কৰা হয় ৷ বিনীতা শর্মীষ্ঠা বর্মন ( চৌধুৰী ) সম্পাদক অসম সাহিত্য সভা , দিল্লী শাখা ৷
ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ ড০ ভূপেন হাজৰিকাদেৱৰ পুণ্যতিথি উপলক্ষে এখনি স্মৃতিচাৰণ সভাৰ